15/08/2026
"স্বাধীনতা"
ৰক্তেৰে ৰাঙলী কৰি মাটি
যি সকলে দিলে প্ৰাণ,
তেওঁলোকৰ ত্যাগৰ বাবেই
আজি আমি স্বাধীন।
ব্ৰহ্মপুত্ৰ পাৰত বহি
গাওঁ আমি জয়গান,
অসম আমাৰ, ভাৰত আমাৰ
এই দেশ মোৰ প্ৰাণ।
আহাঁ সবে শপত লওঁ
দেশক ৰাখিম আগবঢ়াই,
শিক্ষা, শান্তি, একতাৰে
ভাৰতক সজাম নতুনকৈ।