30/07/2026
#আমি জুবিন দেশৰ মানুহ।
জুবিন গাৰ্গৰ মানৱতাৰ আদৰ্শ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মহান বাণী "মানুহে মানুহৰ বাবে" ৰে অনুপ্ৰাণিত হৈ আমি ৰাংছালীৰ একাংশ যুৱকে শিৱসাগৰ, যোৰহাট, জিলাৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে আপোনালোকৰ কাষ চাপিছোঁ।
এই ভয়ংকৰ বানপানীয়ে অসংখ্য পৰিয়ালৰ ঘৰ-দুৱাৰ, জীৱিকা আৰু সপোন মুহূৰ্ততে উটুৱাই নিছে। বহু লোকে আজিও খাদ্য, বিশুদ্ধ খোৱা পানী, বস্ত্ৰ আৰু আশ্ৰয়ৰ অভাৱত অতি কষ্টৰে দিন পাৰ কৰিছে।
এনে কঠিন সময়ত অসহায় লোকসকলৰ কাষত থিয় দিয়াটোৱেই আমাৰ প্ৰকৃত মানৱধৰ্ম। আপোনালোকৰ সৰু বা ডাঙৰ যিকোনো সহায় এজন অসহায় মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে, এটা পৰিয়ালক পুনৰ নতুনকৈ জীয়াই থকাৰ সাহস দিব পাৰে।
আহক, আমি সকলোৱে একেলগে হাত আগবঢ়াওঁ। মানৱতাৰ এই পৱিত্ৰ যাত্ৰাত অংশগ্ৰহণ কৰি বানপীড়িত ভাই-ভনীসকলৰ কাষত থিয় দিওঁ।
"মানুহে মানুহৰ বাবে, জীৱনে জীৱনৰ বাবে।"
আপোনাৰ আন্তৰিক সহায়েই হ'ব পাৰে কাৰোবাৰ নতুন আশাৰ পোহৰ।