Live 18 ASSAM 24x7

Directions

Live 18 ASSAM 24x7 সত্যনিস্থ বাতৰি প্ৰকাশ

*** গহপুৰ-নুুমলীগড় সুৰংগ প্ৰকল্পৰ সুৰক্ষাৰ বিষয়ে লৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সঁহাৰি *** ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ...
10/09/2026

*** গহপুৰ-নুুমলীগড় সুৰংগ প্ৰকল্পৰ সুৰক্ষাৰ বিষয়ে লৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সঁহাৰি

*** ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান

৯ ছেপ্টেম্বৰঃ প্ৰস্তাৱিত গহপুৰ-নুুমলীগড় ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ পথ নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী, জলবিজ্ঞান সংক্ৰান্তীয় আৰু সুৰক্ষাজনিত স্পষ্টীকৰণৰ বাবে এক জৰুৰী বৈঠক আহ্বান কৰাৰ দাবী উত্থাপন কৰি বিভাগীয় কৰ্তৃপক্ষক স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ আহ্বান জনাই গহপুৰ সমজিলা আয়ুক্ত আদিত্য প্ৰতাপ সিঙৰ জৰিয়তে 'ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতিয়ে এখনি পত্ৰ প্ৰদান কৰে। সমিতিৰ মতে, ভৱিষ্যতে যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পৃষ্ঠভাগ খনন কৰা হ’ব, তেতিয়া যাতে এই সুৰংগ পথৰ কোনো ক্ষতি বা বাধাৰ সৃষ্টি নহয়, সেয়া আগতীয়াকৈ নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন বুলি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। সংগঠনটোৱে এই বিষয়ত চৰকাৰী স্তৰত ব্যাপক আলোচনাৰ লগতে গহপুৰ-নুুমলীগড় সুৰংগ পথৰ সুৰক্ষাক লৈ এক বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি আজি ‘ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতি’ৰ সভাপতি ধীৰেন চন্দ্ৰ শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰকাশ শৰ্মাৰ স্বাক্ষৰিত এইখিনি স্মাৰকপত্ৰ গহপুৰৰ সহ-জিলা আয়ুক্তক প্ৰদান কৰে। এই পত্ৰত এন এইচ আই ডি চি এল অৰ্থাৎ সুৰংগ প্ৰকল্পৰ ৰূপায়ণকাৰী সংস্থা, গহপুৰ সম-জিলা আয়ুক্ত, ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতি, অসমৰ মাজত অতি শীঘ্ৰে এখনি বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হয়। দিনৰ ১১ বজাত গহপুৰ সমজিলা আয়ুক্ত কাৰ্যালয়ত ৰাজ্যিক সভাপতি ধীৰেন চন্দ্ৰ শইকীয়াৰ নেতৃত্বত ঘন কাকতি, বিমল ভূঞা, চন্দ্ৰ কাকতি, লোকনাথ শৰ্মা, ৰিতুল বৰুৱা, ৰমেন শইকীয়া আৰু বিপুল কুমাৰ দিহিঙীয়াই প্ৰতিনিধি হিচাপে উপস্থিত থাকি স্মাৰক পত্ৰখনি প্ৰদান কৰাৰ লগতে বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ সম-জিলা আয়ুক্তক আহ্বান জনায়। সংবাদ মাধ্যমক ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতিয়ে জনোৱা মতে ব্ৰহ্মপুত্ৰ খননৰ বাবে সুদীৰ্ঘ ৪০ বছৰে এই সমিতিয়ে সংগ্ৰাম কৰি আহিছে।‌ অসমৰ জীৱনৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ নদীক বিজ্ঞানসন্মতভাৱে খনন আৰু নিয়ন্ত্ৰণ কৰাৰ দাবী লৈ যোৱা ১৯৮৫ চনৰ পৰা ধাৰাবাহিকভাৱে সংগ্ৰাম চলাই আহিছে ‘ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতি, অসম’এ। উল্লেখ্য যে ১৯৮৫ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰ খনন আৰু সামাজিক বনানীকৰণৰ দাবীৰে প্ৰথম স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত গহপুৰ মহকুমাত কৃষক সংগঠনসমূহ সংগঠিত কৰি ২০১০ চনত তৎকালীন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংহলৈ ৯ দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছিল।২০১২ চনৰ ১৯ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ কেন্দ্ৰীয় জলসম্পদ বিভাগক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। যদিও ২০১৪ চনত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী উমা ভাৰতীয়ে সংসদত খননৰ কোনো প্ৰস্তাৱ গৃহীত হোৱা নাই বুলি সদৰী কৰিছিল, সংগঠনটোৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আন্দোলন অব্যাহত ৰাখে। উল্লেখ্য যে ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে বিষয়টো গুৰুত্বৰে লৈ খনন কাৰ্যৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছত ২০২৩ চনৰ ১৯ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ধীৰেন চন্দ্ৰ শইকীয়াক সভাপতি হিচাপে লৈ সমিতিখন পুনৰ গঠন কৰা হয়। ২০২৩ চনৰ ১৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পুনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পাছত, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশমৰ্মে ২০২৬ চনৰ ১৯ জানুৱাৰীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ সৈতে সমিতিৰ এক আনুষ্ঠানিক বৈঠক সম্পন্ন হয়। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ব্ৰহ্মপুত্ৰ নদীৰ সুৰংগৰ সুৰক্ষাৰ বাবে এই বৰ্ষৰ যোৱা ১৭ জুনত 'ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতি'য়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সেই স্মাৰক পত্ৰক গুৰুত্ব সহকাৰে লৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অসম জলসম্পদ বিভাগক যোৱা ২৩ জুনত বিষয়টোৰ সন্দৰ্ভত এখনি পত্ৰ প্ৰেৰণ কৰে। সেই অনুসৰি অসমৰ জলসম্পদ বিভাগে 'ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতি'লৈ ৭ জুলাইত এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰত NHIDCLৰ সৈতে আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ব্ৰহ্মপুত্ৰ নদীত ভৱিষ্যতে কৰিবলগীয়া খনন কাৰ্যৰ সময়ত যাতে এই পানীৰ তলিৰ সুৰংগ প্ৰকল্পটোত কোনো ধৰণৰ বাধা বা বিপদৰ সৃষ্টি নহয়, তাৰ বাবে সুৰক্ষা নিশ্চিত কৰাটোও অতি প্ৰয়োজনীয়। প্ৰকল্পটোৰ ভৱিষ্যতৰ সুৰক্ষা আৰু কাৰিকৰী দিশসমূহ স্পষ্ট কৰাৰ বাবে জিলা প্ৰশাসনক অতি শীঘ্ৰে এটা দিন আৰু সময় ধাৰ্য কৰি এই বিষয়ত এক জৰুৰী আলোচনাত মিলিত হ'বলৈও সমিতিখনে পত্ৰৰ জৰিয়তে আহ্বান জনাইছে।

31/08/2026

চত্ৰং লক্ষীপুৰত বানৰ তাণ্ডব

29/08/2026

বিশ্বনাথ জিলা আছু'ৰ বণ্টাঢ্য সংস্কৃতিক শোভাযাত্ৰা

*** গহপুৰ আৰক্ষীৰ সফলতা*** ৫১০ গ্ৰাম নকল সোন সহ দূই সৰবৰাহকাৰী আটক২২ আগষ্টঃ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰৰ মাজমজিয়াস...
22/08/2026

*** গহপুৰ আৰক্ষীৰ সফলতা
*** ৫১০ গ্ৰাম নকল সোন সহ দূই সৰবৰাহকাৰী আটক
২২ আগষ্টঃ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰৰ মাজমজিয়াস্থিত কনকলতা ভৱনৰ সন্মুখত আজি প্ৰায় আবেলি ৪ মান বজাত গহপুৰ অৰক্ষীয়ে এক গোপন সুত্ৰৰ প’ম খেদি নকল সোন জব্দ কৰৰ লগতে দুই সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, গহপুৰ কনকলতা ভৱনৰ সন্মুখত সমজিলা আৰক্ষী অধিক্ষক দণ্ডিৰাম বৰা আৰু গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত অভিযান চলাই এ আৰ ০১কিউ ৯৬৯৩ নম্বৰৰ গাড়ীৰ এখনৰ পৰা প্ৰায় ৫১০ গ্ৰাম সোন জব্দ কৰে ৷ তথ্য অনুসৰি লক্ষিমপুৰ জিলাৰ সোনাপুৰৰ পৰা গহপুৰলৈ মুস্তাফা আহমেদ আৰু হজৰত আলীয়ে বিক্ৰি কৰিবলৈ লৈ আহোতে সস্তম গহপুৰ আৰক্ষীৰ হাতত ধৰা পৰে ৷ মনকৰিবলগীয়া যে,সোন সৰবৰাহকাৰী দুজনে গাড়ী খন প্ৰায় ৫০ হাজাৰ টকাৰ ভাড়াত লৈ আহিছিল। আৰক্ষীৰ এনে সফলতাত গহপুৰবাসীয়ে শলাগ লৈছে।

19/08/2026

বিশ্বনাথ জিলা আছুৰ অধিবেশনলৈ প্ৰস্তুতি

14/08/2026

বিশ্বনাথ জিলা আছু'ৰ অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি জিলা সমিতিৰ

14/08/2026

With Mitali Hazarika Mochahary – I just got recognized as one of their top fans! 🎉

With Gaurav Borah – I just got recognized as one of their top fans! 🎉
06/08/2026

With Gaurav Borah – I just got recognized as one of their top fans! 🎉

05/08/2026

বনপুৰৈ-জামুগুৰী,গহপুৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি গহপুৰ সমজিলা আয়ুক্ত কায্যলয়ত বিত্ত নন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

With Lakhya Hira Ankur – I just got recognized as one of their top fans! 🎉
05/08/2026

With Lakhya Hira Ankur – I just got recognized as one of their top fans! 🎉

Address

Village-Bori Gaon, PO-Gohpur Dist-Biswanath, Office Address/Gohpur
Gohpur
1234

Website

Alerts

Be the first to know and let us send you an email when Live 18 ASSAM 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category