গাহৰি পালক সংস্থা অসম - Pig Farmers Association Assam

  • Home
  • India
  • Guwahati
  • গাহৰি পালক সংস্থা অসম - Pig Farmers Association Assam
Directions

গাহৰি পালক সংস্থা অসম - Pig Farmers Association Assam অসমৰ সকলো থলুৱা গাহৰি পালক সকলৰ সহায়ৰ বাবে।।
�

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏

08/08/2026

গাহৰি পালক সন্থা অসমৰ উদ্যোগত আৰু শিৱসাগৰ জিলা গাহৰি পালক সন্থাৰ সহযোগত বানপীড়িত গাহৰি পালকসকলক এই সংকটকালত এষাৰ মাত লগোৱাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা কাৰ্য্যসূচীৰ দ্বিতীয় দিনা হাঁহচৰা, নাজিৰা, নামটি, বিহুবৰ, আমগুৰি, জাজি, চাৰিং আদি অঞ্চল ভ্ৰমণ কৰা হয়।

এই সময়ছোৱাত পালকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ দুখ-কষ্টৰ বুজ লোৱাৰ লগতে সংগঠনৰ ফালৰ পৰা সহায় হিচাপে ৫ কেজি চুণ, ১ কেজি ব্লিচিং পাউডাৰ, ১০০ গ্ৰাম পটাছ, ১০ কেজি দানা আৰু ১ বটল ফেনাইল প্ৰদান কৰা হয়। ইয়াৰ উপৰিও দিখৌমুখ, বানমুখ, দিচাংমুখ, বকতা আদি বানাক্ৰান্ত এলেকাৰ কেইজনমান গাহৰি পালককো এই সহায় আগবঢ়োৱা হয়।

এই কাৰ্য্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ যিসকল গাহৰি পালকে দান-বৰঙণিৰ জৰিয়তে সহায় আগবঢ়াইছে, তেওঁলোক সকলোকে গাহৰি পালক সন্থা অসমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো । বিশেষকৈ পশুপতি ফিডৰ তৰফৰ পৰা ১৫ বেগ দানা আগবঢ়াই সহায় কৰাৰ বাবে তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছো

এই কাৰ্য্যসূচীৰ জৰিয়তে প্ৰায় ১৫০ ঘৰ গাহৰি পালকৰ সৈতে সংযোগ স্থাপন কৰা হয় আৰু তেখেতসকলৰ দুখ-কষ্টৰ সমভাগী হোৱা হয়।

গাহৰি পালকৰ জয় হওক। জয় আই অসম।

03/08/2026

গাহৰি পালক সন্থা অসমৰ উদ্যোগত আৰু শিৱসাগৰ জিলা গাহৰি পালক সন্থাৰ সহযোগত শিৱসাগৰৰ বানত ক্ষতিগ্ৰস্ত গাহৰি পালকসকলক এষাৰ মাত দিয়াৰ উদ্দেশ্যে সন্থাৰ এটা প্ৰতিনিধি দল শিৱসাগৰত উপস্থিত হয় । লগতে জৈৱসুৰক্ষ কিছু সামগ্ৰাী ও দানা বিতৰণ কৰা হয়। শিৱসাগৰৰ জিলাৰ বেতবাৰী অঞ্চলৰ দুৱৰী গাওঁ , দগাঁও, নিমাইজান, বালিবাট, চাৰিআলি , তামুলি পুখুৰী, আৰু খেলোৱা আদি অঞ্চল পৰিদৰ্শন কৰি স্থানীয় গাহৰি পালকসকলৰ সৈতে সাক্ষাৎ কৰে আৰু মাত এষাৰ লগাই তেওঁলোকৰ সমস্যা-বিপদৰ খবৰ লয়।

সাক্ষ্যাতৰ সময়ত গাহৰি পালকসকলক কিছু প্ৰয়োজনীয় জৈৱসুৰক্ষা সামগ্ৰী বিতৰণ কৰা হয়, যেনে—৫ কেজি চূণ, ১ কেজি ব্লিচিং পাউডাৰ, ১০০ গ্ৰাম পটাছ, ৫ কেজি ড্ৰাই ফিড, ৫ কেজি মাকৈ গুৰা আৰু ফেনাইলৰ বটল আদি। এই সামগ্ৰীসমূহ প্ৰদানৰ জৰিয়তে বানাক্ৰান্ত গাহৰি পালকসকলক কিছু সকাহ প্ৰদান কৰাৰ প্ৰয়াস কৰা হয় ।

অহাকালি এই প্ৰতিনিধি দলটো নাজিৰা অঞ্চলৰ ক্ষতিগ্ৰস্ত গাহৰি পালকসকল মাত এষাৰ দিয়াৰ সিধান্ত গ্ৰহণ কৰিছে ।

ধন্যবাদ।

03/08/2026

❤️ আজিৰ পৰা আমাৰ বান সাহায্য অভিযান শিৱসাগৰ জিলাৰ কেইবাটাও বানপীড়িত অঞ্চললৈ আগবাঢ়িছে।।

এই সাহায্য কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰৰ কিছু স্হানত বানৰ ফলত ক্ষতিগ্ৰস্ত পশুপালক কৃষকসকলৰ বাবে পশুখাদ্য বিতৰণ কৰা হৈছে। এনে কঠিন সময়ত পশুধনৰ যত্ন লোৱাটো কৃষক পৰিয়ালসমূহৰ জীৱিকা সুৰক্ষিত ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

#বান_সাহায্য #শিৱসাগৰ #অসম #পশুখাদ্য_বিতৰণ #পশুপালক_কৃষক #মানৱতা_সৰ্বাগ্রে

উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত গাহৰি পালক সকলক সহায়ৰ হাত আগবঢ়াবলৈ আমাৰ গাহৰি পালক সংস্থা অসমৰ কিছু পালক...
03/08/2026

উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত গাহৰি পালক সকলক সহায়ৰ হাত আগবঢ়াবলৈ আমাৰ গাহৰি পালক সংস্থা অসমৰ কিছু পালক আজি গৈ তাত উপস্থিত হয় । আমাক এই কাৰ্যত যি সকল পালকে আৰ্থিক ভাৱে সহায় আগবঢ়াইছে সকলোলৈকে সংস্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো, লগতে ধন্যবাদ জনাইছোঁ Pasupati Agrovet Pvt LTD ক ।

বানত ক্ষতিগ্ৰস্ত পশুপালক পৰিয়ালসমূহৰ সহায়ৰ বাবে পশুখাদ্য আগবঢ়োৱাৰ বাবে পশুপতি এগ্ৰভেট প্ৰাইভেট লিমিটেড-ক আন্তৰিক ধন্য...
01/08/2026

বানত ক্ষতিগ্ৰস্ত পশুপালক পৰিয়ালসমূহৰ সহায়ৰ বাবে পশুখাদ্য আগবঢ়োৱাৰ বাবে পশুপতি এগ্ৰভেট প্ৰাইভেট লিমিটেড-ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
দুৰ্যোগৰ এই কঠিন সময়ত পশুধনৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়, কিয়নো বহু পৰিয়ালৰ জীৱিকা আৰু উপাৰ্জনৰ মূল আধাৰ হৈছে তেওঁলোকৰ পশুধন। আপোনালোকৰ এই সময়োপযোগী সহযোগিতাই বানত ক্ষতিগ্ৰস্ত অসংখ্য পশুপালক পৰিয়ালক যথেষ্ট সহায় কৰিব।
সমাজৰ দুখ-দুৰ্দশাৰ সময়ত আপোনালোকৰ সহানুভূতি, দায়বদ্ধতা আৰু মহানুভৱতাৰ বাবে পুনৰায় আন্তৰিক ধন্যবাদ। আহক, সকলোৱে একেলগে আগবাঢ়ি অসহায় মানুহৰ জীৱনত আশাৰ পোহৰ কঢ়িয়াই আনো।

A heartfelt thank you to Pashupati Agrovet Pvt. Ltd. for their generous contribution of animal feed to support flood-affected families who depend on livestock for their livelihood. During challenging times like these, ensuring that farm animals are cared for is just as important, as they are a vital source of income and sustenance for many families. Your timely support will help ease the burden on countless animal farmers affected by the floods.
We sincerely appreciate your kindness, compassion, and commitment to standing with the community in their time of need. Together, we can make a meaningful difference.


#বন্যাসাহায্য #পশুপালক #সমাজসেৱা #পশুপতি_এগ্ৰভেট_প্ৰাইভেট_লিমিটেড

অসম মন্ত্ৰীসভাত পশুপালন,পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী হিচাপে নীলিমা দেৱী ডাঙৰীয়ানীক দায়িত্ব প্ৰদান কৰাৰ বাবে গাহৰি ...
08/06/2026

অসম মন্ত্ৰীসভাত পশুপালন,পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী হিচাপে নীলিমা দেৱী ডাঙৰীয়ানীক দায়িত্ব প্ৰদান কৰাৰ বাবে গাহৰি পালক সংস্থা অসমৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

06/03/2026

ASF ত আক্ৰান্ত অসমৰ গাহৰি পালক সকলক ক্ষতিপূৰণ সমূহ প্ৰদান কৰি গাহৰি পালক সকলক সকাহ দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া, মাননীয় মন্ত্ৰী Krishnendu Paul ডাঙৰীয়া, পশুপালন বিভাগৰ আয়ুক্ত সচিব Mani Vannan ডাঙৰীয়া, সঞ্চালক জয়ন্ত গোস্বামী ডাঙৰীয়া লগতে বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক সংস্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ 🙏🏻
আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ত অনুষ্ঠিত হোৱা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ জনহিতকৰ আঁচনি তথা পদক্ষেপসমূহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত সংস্থাৰ বহু কেন্দ্ৰীয় কমিটিৰ বিষয় ববীয়া লগতে বহু পালক উপস্থিত থাকে ।
Animal Husbandry and Veterinary Department, Assam

04/03/2026
গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা
26/01/2026

গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা

Address

Guwahati
781024

Website

Alerts

Be the first to know and let us send you an email when গাহৰি পালক সংস্থা অসম - Pig Farmers Association Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category