Premium chick feeds pvt. ltd.

Premium chick feeds pvt. ltd. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Premium chick feeds pvt. ltd., Jorhat.

✅ নেফ্ৰাইটিছ / কিডনীৰ ফুলি যোৱা ৰোগৰ প্ৰতিষেধক আৰু সহায়ক চিকিত্‍সা পদ্ধতি🔹 ৰাতিপুৱা (Morning Dose)কিডনী চাফা আৰু পেটৰ স...
30/08/2025

✅ নেফ্ৰাইটিছ / কিডনীৰ ফুলি যোৱা ৰোগৰ প্ৰতিষেধক আৰু সহায়ক চিকিত্‍সা পদ্ধতি

🔹 ৰাতিপুৱা (Morning Dose)

কিডনী চাফা আৰু পেটৰ স্বাস্থ্যৰ বাবে:

Renoflush 200ml / 1000 টা চৰাই হিচাপত দিব।
(অথবা Nefrogaurd / Nephrotcare / Nephrotec @ 100ml / 1000 চৰাই)

➤ কিডনী চাফা কৰি, মূত্ৰব্যৱস্থাক সহায় কৰে।

Prelive 100ml/ 1000 চৰাই হিচাপত দিব।
➤ পেটৰ স্বাস্থ্য উন্নত কৰে, কিডনীৰ ওপৰত টেন্‌চন কমায়।

🔹 দুপৰীয়া (Afternoon Dose)

Prelite C– 2gm / 1 লিটাৰ পানীত দিব।
➤ ভিটামিন চি-ৰ উৎস; এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে, দেহত টক্সিন হ্ৰাস কৰে।

🔹 সন্ধিয়া (Evening Dose)

আলো ভেৰা( Aloo Vera)ৰস / দোপৰ টেঙাৰ পাত (পানীত দি খুৱাব)।
➤ প্ৰাকৃতিক এন্টি-ইনফ্লেমেটৰী; কিডনী চাফা আৰু টক্সিন আঁতৰাত সহায় কৰে।

🔹 ৰাতিৰ পানী (Night Dose)

গট হেলথ আৰু কিডনী চাপোৰ্ট:

PreEmono sc – 100ml / 1000 চৰাই ।
➤ পেটৰ গাছনীয় ব্যাক্টেৰিয়া ঠিক ৰাখে, ডাইজেচন সহায় কৰে।

Preflox CP 10– 100 ml / 100 লিটাৰ পানীত।
➤ এন্টিবায়'টিক বা ইনফ্লেমেচন কমাব পৰা ঔষধ হ’ব পাৰে।

🛡️ বিশেষ পৰামৰ্শ (Special Advice)👇

🔸 Mosquito net (01 days to 25 days)
মাছৰীৰ জাল ব্যৱহাৰ কৰক (১-২৫ দিন বয়সলৈ)।

➤ মহ কটাৰ পৰা কিডনী ৰোগ হ’ব পৰা ভাইৰাছৰ প্ৰৱেশ ৰোধ কৰে।

🔸 Dry floor and Litter thickness 03 inch
লিটাৰ শুকান আৰু ৩ ইঞ্চি মাটি/খৰিকাঠি থিকনেছ ৰাখিব।

➤ ভিজা নোহোৱাকৈ ৰাখিলে ব্যাক্টেৰিয়া আৰু এমোনিয়া কম থাকে।

🔸 Increase no of Drinker
পানী খাবৰ পাত্ৰৰ সংখ্যা বৃদ্ধি কৰক।

➤ চৰাইয়ে যথেষ্ট পৰিমাণে পানী খাব পাৰে, কিডনী ভাল থাকে।

🔸 Use hand gloves & Disposed death birds in mortality pit.
হেন্দ গ্লভচ্‌ পিন্ধক আৰু মৃত চৰাই মৰ্টালিটি পিটত পেলাব।

➤ ৰোগ নফেলিবলৈ হাইজিন ঠিক ৰাখিব।

🔸 Maintain water pH (5.5 -6) at drinker level.
পানীৰ pH (5.5 - 6) বজাই ৰাখিব।

➤ অলপ অ্যাসিডিক পানী পেটৰ পক্ষে ভাল আৰু কিডনীৰ ওপৰত টেন্‌চন কম হয়।

🔸 Use hand spray & Formaline spray out side the farm.
হাতত স্প্ৰে আৰু ফাৰ্মৰ বাহিৰে ফৰ্মালিন স্প্ৰে ব্যৱহাৰ কৰক।

➤ বাহিৰৰ ভাইৰাছ আৰু বেক্টেৰিয়া ৰোধ কৰে।

⚠️ অতি বিশেষ পৰামৰ্শ:👇

খাদ্যত অতিৰিক্ত চেল্ট, কেলচিয়াম আৰু প্ৰোটিন নিদিব — ই কিডনীৰ ওপৰত চাপ দিয়ে।

সদায় শুদ্ধ, ঠাণ্ডা আৰু টাজা পানী দিব।

29/08/2025
07/08/2025

11/07/2025

Shed cleaning

14/06/2025

🐥গৰম দিনত ব্ৰইলাৰ মূৰ্গীৰ পালনৰ পদ্ধতি : 👉 প্ৰথমে মন কৰিবলগা কথাটো হল আপোনাৰ ফাৰ্ম খন টিং বা তিৰপালৰ হলে বেচি গৰম পৰিব। ...
07/06/2025

🐥গৰম দিনত ব্ৰইলাৰ মূৰ্গীৰ পালনৰ পদ্ধতি :

👉 প্ৰথমে মন কৰিবলগা কথাটো হল আপোনাৰ ফাৰ্ম খন টিং বা তিৰপালৰ হলে বেচি গৰম পৰিব। টকৌ পাত বা খেৰৰ বনাব চেষ্টা কৰিব ভাল ফল পাব। খেৰ বা টকৌ পাত ৩ ইঞ্চি ডাঠ হব লাগে।

👉পানী বাচন সৰহকৈ লগাওঁক, ১০০০ মুগীৰ বাবে ৩৫ টা পানী বাচন ব্যৱহাৰ কৰক।

👉 অতিৰিক্ত ঠাণ্ডা পানী যোগানৰ সুবিধা বাবে ১০০০ চৰাই কাৰণে ১৫ টা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰে।

👉 ফাৰ্মৰ পানী টেংকীত (Syntax) যাতে ৰদ পৰি পানী গৰম হৈ নাযায় তাৰ বাবে পানী টেংকী ঠাণ্ডা জেগাত ৰাখিব লাগে। পানী টেংকি খেৰৰ দ্বাৰা ঢাকি ৰাখিব নাইবা ফাৰ্ম চেডৰ ভিতৰত স্থাপন কৰিলে পানী ঠাণ্ডা হৈ থাকে।

👉 পানী টেংকি টো বগা ৰঙৰ হলে বেচি ভাল।

👉প্ৰতি ১৫/২০ মিনিট মুৰে মুৰে চৰাই বিলাক জগাই দিয়া লগতে ফাৰ্ম খনৰ ভিতৰত লাহে লাহে খোজ কাঢ়ি থাকিব। যি নেকি চৰাইবোৰ পৰি থকা ঠাইৰ পৰা আন ঠাইলৈ যায় আৰু চৰাই বোৰৰ মাজত অধিক পানী খাবলৈ প্ৰেৰণা যোগায়। বায়ু চলাচলত সহায় কৰে।

👉 ফাৰ্মত গৰম দিনত চাইড বাৰণ্ডা ব্যবহাৰ কৰিব। মনত ৰাখিব কাষৰ চাইড পেণ্ডেলে যাতে বায়ু চলাচলত অসুবিধা সৃষ্টি নকৰে।

👉 ফাৰ্মৰ বেৰৰ মকৰাজাল পৰিষ্কাৰ কৰিব লাগে। যাৰ ফলত ফাৰ্মৰ চেডৰ ভিতৰত ২০ % বায়ু প্ৰবাহ বৃদ্ধি পাব।

👉 ফাৰ্মৰ চেডৰ বাহিৰত ৬ ইঞ্চি উচ্চতালৈকে ঘাঁহ থাকিলে তাপ হ্ৰাস পায়।

👉 ফাৰ্মৰ বাহিৰত দৈঘ্য অনুসৰি ( উত্তৰ - দক্ষিণ দিশ) দুইটা লাইনৰ বাবে বৃক্ষৰোপন কৰিলে ফাৰ্মৰ চেডৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। ফাৰ্মৰ ভিতৰত গৰম বতাহ প্ৰৱেশ কৰিলে গছৰ ঠাণ্ডা বতাহে কিছু উষ্ণতা হ্ৰাস কৰে।

👉পৰিস্কাৰ আৰু চেঁচা পানী যোগান ধৰক পাৰিলে বৰফৰ পানী দিব চেষ্টা কৰিব।

👉 ফাৰ্মৰ ফলীয়া তিতা আৱৰ্জনা আৰু কেক গঠন বোৰ আঁতৰাই পেলাই দিব।

👉 আপোনাৰ ফাৰ্ম খনৰ চালৰ উপৰত পানী মটৰ লগাই পানী ছটিয়াই দিব যাতে ফাৰ্মৰ ভিতৰৰ পৰিৱেশ ঠাণ্ডা হৈ থাকে।

👉পানীত দূপৰীয়া Perlite C আৰু Fit 5 জাতীয় দৰব মিহলাই খাবলৈ দিয়ক।

👉ইলেক্ট্ৰনিক ফেন ব্যৱহাৰ কৰক কমেও ৫ খন ১০০০ মুগী বাবে।

👉 বেচি গৰম পৰিলে মূৰ্গী গাত Spray নকৰিব।

🔹🐥 খাদ্য কেনেকৈ দিব।👇

👉 ৰাতিপুৱা ৬ বজাৰ পৰা ১০ বজালৈ দৈনিক দানা খোৱাৰ পৰিমাণৰ ২০ % খাব দিব লাগে।

👉 দূপৰীয়া ৯ বজাৰ পৰা ৫ বজালৈ দানা খাব নিদিব। বিয়লি ৫ বজাৰ পৰা ৬ বজালৈ ১৫ % দানা ভিজাই খাব দিব।

👉 বেচি গৰম পৰিলে দিনত দানা খাব নিদিব। যদি দিনৰ সময়ত বেচি গৰম নপৰে তেন্তে অতি কম পৰিমাণ দানাৰ লগত পানী মিহলাই খুৱাব পাৰিব।পৰিমাণ ১০ কেজি দানাৰ লগত ৩ লিটাৰ মান পানী । সময় বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত দিব পাৰিব।

👉 ৰাতি খাদ্যৰ ( বিয়লি ৬ বজাৰ পৰা পুৱা ৬ বজালৈ) দৈনিক খোৱাৰ পৰিমাণৰ ৬৫ % খাদ্য দিব লাগে সঘনাই, যদি ফাৰ্মত ফাৰ্মাৰ জনে লাহে লাহে খোজ কাঢ়ি থাকে তেন্তে ৰাতি ৬৫% খাদ্য খোৱাত সহায়ক হব।

👉 ৰাতি শীতল ঠাণ্ডা সময়ত দানা খাব দিয়াটো অতি গুৰুত্বপূৰ্ণ। কিন্তু তাৰ বাবে ফাৰ্মত পোহৰ পৰ্য্যাপ্ত পৰিমাণৰ হব লাগিব, অৰ্থাৎ প্ৰতি ১০০০ চৰাই বাবে ৬ তা ১২ ৱাটৰ চি এফ এল লাইট লগাব লাগে।

👉 ৰাতি সময়ত মুৰ্গীক বেচি পৰিমাণৰ দানা খুৱাব চেষ্টা কৰিব।

👉 অত্যাধিক পৰিমাণে গৰম পৰিলে ফামাৰ সকলে ফাৰ্মৰ ভিতৰত থাকক বিশেষকৈ দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ফাৰ্মৰ পৰা আতঁৰি নাযাব।

এই নিয়মাৱলী সমূহ ২৫ দিনৰ ওপৰৰ চৰাই বাবেহে।

03/06/2025

2 cage EC farm

28/05/2025

অতিৰিক্ত ঠাণ্ডা পানী যোগানৰ সুবিধা বাবে ১০০০ চৰাই কাৰণে ১৫ টা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰে।

Address

Jorhat
785001

Telephone

+919365255675

Website

Alerts

Be the first to know and let us send you an email when Premium chick feeds pvt. ltd. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Premium chick feeds pvt. ltd.:

Share