14/06/2026
জীৱনলৈ হঠাতে নামি অহা কঠিন পৰিস্থিতিক সহনশীলতাৰে অতিক্ৰম কৰাৰ অনুশীলন বৰ সহজ কথা নহয়৷ আজিৰ পৰা ঠিক এবছৰৰ আগতে মোৰ জীৱনলৈয়ো এনে এক পৰিস্থিতি আহিছিল - য’ত চূড়ান্ত অপপ্ৰচাৰ, অপবাদৰ গ্লানিৰে মোক হতাশাৰ বিষন্ন ঋতুলৈ নিৰ্বাসন দিয়াৰ অপচেষ্টা চলিছিল৷ এনেকুৱা এক ষড়যন্ত্ৰৰ বেহু ৰচনা কৰা হৈছিল - য’ত মই কোৱা চৰম সত্য কথাবোৰকো বিকৃত কৰা হৈছিল৷ সঁচা কথাবোৰ ৰাইজৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল৷ মই যুক্তি-তথ্যসহকাৰে উত্থাপন কৰা সঁচা কথাবোৰতো উদ্দেশ্যপ্ৰণোদিতভাৱে মিছাৰ ৰহণ সানি ৰাইজৰ মাজত অপপ্ৰচাৰ চলোৱা হৈছিল৷ অসমৰ সমাজ জীৱনত এজন খলনায়ক হিচাপে মোক নিক্ষেপ কৰিব খোজা হৈছিল৷ নেতিবাচক ভুল ব্যাখ্যাৰে সামাজিক মাধ্যম ভৰি পৰিছিল৷ এই ষড়যন্ত্ৰৰ পৰা মোৰ পৰিয়ালটোৱেও ৰেহাই পোৱা নাছিল৷
কিন্তু তেনে বিষময় পৰিস্থিতিতো মই সিদ্ধান্ত লৈছিলোঁ - সকলো ষড়যন্ত্ৰকাৰীক ক্ষমা কৰি দিয়াৰ৷ ষড়যন্ত্ৰকাৰীক ক্ষমা কৰি দিয়াৰ আনন্দই মোক অধিক উজ্জীৱিতহে কৰি তুলিছিল৷ সিদ্ধান্ত লৈছিলোঁ - কেৱল ৰাইজৰ মাজত থাকিম, অহৰ্নিশে কেৱল ৰাইজৰ হৈ কাম কৰিম৷ গণদেৱতাৰ সেই অহৰহ উমাল সান্নিধ্য আৰু আশীৰ্বাদে মোক ষড়যন্ত্ৰকাৰীৰ চক্ৰবেহুৰ বৃত্তৰ বাহিৰত কুশলে ৰাখিছিল৷ বিষ ঢলাসকল হয়তো উজাগৰে আছিল, মই শান্তিৰে টোপনি গৈছিলোঁ৷
শত্ৰুতা আচৰণকাৰীক ক্ষমা কৰি দিয়া, শত্ৰুৰ ভালৰ কাৰণে প্ৰাৰ্থনা কৰিব পৰাৰ পৰ্যায়লৈ যাব পাৰিলে অন্তৰত অনাবিল সুখানুভূতি জাগে৷ এই অনুশীলন জীৱনৰ সফলতাৰ বাবে কিমান জৰুৰী, মই মোৰ জীৱনত উপলব্ধি কৰিব পাৰিছোঁ৷
মোৰ শুভাকাংক্ষীসকল, আপোনালোকেও এনে অনুশীলনৰ চেষ্টা কৰি চাবচোন!