06/07/2025
কাঠফুলা উৎপাদনৰে স্বাৱলম্বী ডলীৰাণী দাস হালৈ।
৩০,০০০ টকাৰে কাঠফুলাৰ খেতি আৰম্ভ কৰি মাহেকত উপাৰ্জন কৰে প্ৰায় লক্ষাধিক টকা।
ব্যথিত নৱপ্ৰজন্মলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে নলবাৰীৰ ডলীৰাণী দাস হালৈয়ে।
কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুওৱা এগৰাকী মহিলা। নিবনুৱা সমস্যাই নতুন প্ৰজন্মক ব্যথিত কৰাৰ সময়তে কাঠফুলা খেতিৰে নিজৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে। কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা এইগৰাকী মহিলা হৈছে নলবাৰী বানেকুছিৰ ডলীৰাণী দাস হালৈ। জীয়ৰী কালতেই জীৱনত কিবা এটা কৰাৰ মন আছিল ডলীৰাণী দাস হালৈৰ। নিজৰ পৰিচয় নিজে গঢ়িবলৈ প্ৰচণ্ড হেঁপাহ। তেনেতে এদিন বাতৰি কাকতত পঢ়িবলৈ পালে যে কম খৰচত অধিক লাভজনক তথা অতি সুস্বাদু কাঠফুলাৰ খেতিৰ বিষয়ে। তাৰ পিছৰে পৰা ডলীৰাণী দাস হালৈয়ে কাঠফুলাৰ খেতি কেনেদৰে কৰিব পাৰি তাৰ বিষয়ে জানিব আৰম্ভ কৰিলে। প্ৰথমে নিজাববীয়াকৈ কিছু প্ৰশিক্ষণ লৈ ডলীৰাণীয়ে কিছু বছৰ পূৰ্বে নিজস্ব আগ্ৰহ আৰু চেষ্টাৰে আৰম্ভ কৰিলে কাঠফুলাৰ খেতি। পৰৱৰ্তী সময়ত নিজৰ ঘৰতেই গঢ়ি তুলিছে কাঠফুলাৰ পাম। তাৰ পিছৰে পৰা যেন কেতিয়াও পিছলৈ ঘুৰি চাব লগা হোৱা নাই ডলীৰাণীয়ে।
নিজৰ ফাৰ্মত উৎপন্ন হোৱা কাঠফুলাক ব্যৱসায়ীক মানদণ্ড প্ৰদানেৰে ডলীৰাণী হালৈয়ে নিজ হাতেৰে গঢ়ি তুলিছে আৰিয়ান মাশ্বৰুম ফাৰ্ম এণ্ড ট্ৰেইনিং চেন্টাৰ নামৰ কাঠফুলাৰ ব্যৱসায় প্ৰতিষ্ঠানটো। ২০১৬ চনতে ডলীৰাণী হালৈয়ে গঢ়ি তোলা এই ফাৰ্মৰ অধীনত উৎপন্ন কৰা হয় উন্নত মানদণ্ডৰ সুস্বাদু কাঠফুলা। এই ফাৰ্মত উৎপন্ন কাঠফুলা নলবাৰী, গুৱাহাটী,বৰপেটা, তিনিচুকীয়া আদি জিলাৰ লগতে চুবুৰীয়া দেশ নেপাল আৰু ভূটানলৈও সৰবৰাহ কৰা হয়।
নিজৰ ফাৰ্মতেই ডলীৰাণী দাস হালৈয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতীক কাঠফুলাৰে নিৰ্মিত সুস্বাদু খাদ্যৰ প্ৰশিক্ষণো প্ৰদান কৰে। কাঠফুলাৰ ব্যৱসায়েৰে তেওঁ কৰ্মসংস্থাপন প্ৰদান কৰিছে নলবাৰী জিলাৰ ২০ জনৰো অধিক পুৰুষ-মহিলাক। প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ভিন্ন জনক।
সম্প্রতি সময়ত একাংশ যুৱক যুৱতীয়ে সংস্থাপন বিচাৰি হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে। তেনে সময়তেই নলবাৰীৰো ডলীৰাণীয়ে দেখুৱাইছে স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন। অতি কম মূলধনেৰে কাঠফুলাৰ খেতি আৰম্ভ কৰি এতিয়া মাহেকত কেবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ডলীৰাণীয়ে। নিজে স্বাবলম্বী হোৱাই নহয় বহু পৰিয়ালকো সংস্থাপন দিবলৈ সক্ষম হৈছে ডলীৰাণীয়ে।
প্ৰেৰক:: মিলি কলিতা ।
আমাৰ YouTube লিংক
https://youtu.be/XW5zLMi_iRM?si=ymscwLk6n6pUzRsL