Hileez Creations

Hileez Creations সফলতা ভাগ্যৰ উপহাৰ নহয়; ই অধ্যৱসায়ৰ ফল।

খণ্ড–২ : বন্ধ দুৱাৰৰ সিপাৰেপুৱা ছয় বজালৈকে ঋষভে বৰুৱা ভৱন এৰা নাছিল।বৰষুণ কমিছিল, কিন্তু ঘৰখনৰ ভিতৰত সন্দেহ যেন অধিক ঘন...
17/09/2026

খণ্ড–২ : বন্ধ দুৱাৰৰ সিপাৰে

পুৱা ছয় বজালৈকে ঋষভে বৰুৱা ভৱন এৰা নাছিল।

বৰষুণ কমিছিল, কিন্তু ঘৰখনৰ ভিতৰত সন্দেহ যেন অধিক ঘনীভূত হৈ উঠিছিল।

নীল আৰু নন্দিতাৰ সম্পৰ্ক কেনেকুৱা আছিল, ঋষভে ঘৰৰ প্ৰতিজন মানুহৰ পৰা জানিবলৈ চেষ্টা কৰিলে।

উত্তৰ প্ৰায় একেই, নন্দিতাই ভায়েকক ভাল পাইছিল। কিন্তু নীলে বায়েকক সহজে সহ্য কৰিব নোৱাৰিছিল।

নন্দিতা নীলতকৈ পাঁচ বছৰৰ ডাঙৰ।

সৰুতে ভায়েকক হাতত ধৰি স্কুললৈ লৈ গৈছিল। নিজৰ টিফিনৰ মিঠাইটোও তাৰ বাবে ৰাখিছিল।

কিন্তু নীলৰ মনত যেন সৰুৰে পৰা এক অদৃশ্য প্ৰতিযোগিতা চলি আছিল।

দেউতাকে ক'লেই, “নন্দিতা এইবাৰো শ্ৰেণীত প্ৰথম হৈছে।”

নীলৰ মুখ গোমা হৈ পৰিছিল।

মাকে ক'লেই, “বাইদেউৰ পৰা অলপ শিক।”

তাৰ উত্তৰ আছিল, “মই তাই নহওঁ।”

বয়সৰ লগে লগে সেই ক্ষোভ কমাৰ পৰিৱৰ্তে বাঢ়ি গ'ল।

দেউতাকৰ মৃত্যুৰ পাছত নন্দিতাই ব্যৱসায়ৰ মূল দায়িত্ব ল'লে। নীলে দুবাৰ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছিল, দুয়োবাৰেই ব্যৰ্থ হৈছিল।

শেষত পৰিয়ালৰ কোম্পানীত যোগ দিলেও বায়েকৰ অধীনত কাম কৰাটো তাৰ বাবে সহজ নাছিল।

ঋষভে নীলৰ সন্মুখত এখন বেংক ষ্টেটমেণ্ট ৰাখিলে।

“যোৱা ছমাহত কোম্পানীৰ একাউণ্টৰ পৰা আপোনাৰ ব্যক্তিগত একাউণ্টলৈ তেইশ লাখ টকা গৈছে।”

নীলৰ মুখ কঠিন হৈ উঠিল।

“ঋণ আছিল।”

“কোম্পানীৰ অনুমতি লৈছিল?”

নীল নীৰৱ।

“নন্দিতাই টকা ঘূৰাই দিবলৈ কৈছিল?”

“হয়।”

“কালি ৰাতিৰ কাজিয়াটো সেইটোক লৈ?”

নীলে কিছু সময় মনে মনে থাকি ক'লে, “হয়।”

ঋষভে ফাইলটো বন্ধ কৰিলে।

“আপুনি বায়েকক কৈছিল - ‘এদিন তোৰ অহংকাৰ শেষ হ'ব।’”

“খঙত কৈছিলোঁ।”

“খঙত মানুহে বহু কাম কৰে।”

নীল চকীৰ পৰা উঠি থিয় হ'ল।

“মই বাইদেউক হত্যা কৰা নাই।”

“মই এতিয়াও আপোনাক হত্যাকাৰী বুলি কোৱা নাই।”

সেইদিনা আবেলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদন আহিল।

মৃত্যুৰ সম্ভাব্য সময় - নিশা ১০:৫৫ৰ পৰা ১১:০৫ৰ ভিতৰত।

আৰু এটা তথ্য অধিক গুৰুত্বপূৰ্ণ আছিল।

নন্দিতাৰ লেপটপত শেষবাৰৰ বাবে এটা ফাইল সংৰক্ষণ হৈছিল ১০:৫৫ বাজি ১৭ ছেকেণ্ডত।

স্মাৰ্টৱাচত হৃদস্পন্দনৰ তথ্য ১১:০৩লৈকে পোৱা গৈছিল।

ঋষভে প্ৰণৱৰ ফালে চালে।

“অৰ্থাৎ ১০:৫৫লৈকে নন্দিতা নিশ্চিতভাৱে জীৱিত।”

প্ৰণৱে ক'লে, “তেন্তে নীল?”

নীলে দাবী কৰিছিল সি ১০:৩০ মানত ঘৰ এৰিছিল।

প্ৰৱেশদ্বাৰৰ কেমেৰাত দেখা গ'ল, ১০:৩৩'ত নীলৰ গাড়ী বৰুৱা ভৱনৰ পৰা ওলাই গৈছে।

প্ৰণৱৰ মুখত স্বস্তি দেখা দিলে।

“তেন্তে নীল বাদ?”

ঋষভে মূৰ জোকাৰিলে।

“ইমান সোনকালে নহয়।”

“কিয়?”

“১০:৪৭ৰ পৰা ১১:০৮লৈ মূল প্ৰৱেশদ্বাৰৰ কেমেৰা বন্ধ আছিল।”

“কাৰিকৰী বিজুতি?”

“সম্ভৱ।”

ঋষভে জানলাৰ বাহিৰলৈ চাই ক'লে, “আৰু যদি সি অন্য পথেৰে ঘূৰি আহিছিল?”

ঠিক তেতিয়াই নন্দিতাৰ অধিবক্তা অনুপম বৰা উপস্থিত হ'ল।

তেওঁ এখন ফাইল ঋষভৰ সন্মুখত ৰাখিলে।

“নন্দিতাই তিনিদিন আগতে নতুন উইলৰ খচৰা তৈয়াৰ কৰিছিল।”

নীলৰ অংশ যথেষ্ট সীমিত কৰা হৈছিল।

কাৰণ, আৰ্থিক দায়িত্বহীনতা।

কাগজখন দেখি নীল চিঞৰি উঠিল, “তাই মোৰ সকলো কাঢ়ি ল'ব বিচাৰিছিল!”

ঋষভে কাগজৰ পৰা চকু নুঠোৱাকৈ সুধিলে, “এই কথা আপুনি আগতেই জানিছিল?”

নীলৰ নীৰৱতাই উত্তৰ দি দিলে।

—আগলৈ...

মহাভাৰতৰ ভীষ্ম আছিল ত্যাগ, প্ৰতিজ্ঞা আৰু কৰ্তব্যনিষ্ঠাৰ এক অনন্য প্ৰতীক। পিতৃৰ সুখৰ বাবে তেওঁ আজীৱন ব্ৰহ্মচৰ্যৰ কঠোৰ প্ৰ...
17/09/2026

মহাভাৰতৰ ভীষ্ম আছিল ত্যাগ, প্ৰতিজ্ঞা আৰু কৰ্তব্যনিষ্ঠাৰ এক অনন্য প্ৰতীক। পিতৃৰ সুখৰ বাবে তেওঁ আজীৱন ব্ৰহ্মচৰ্যৰ কঠোৰ প্ৰতিজ্ঞা লৈছিল আৰু সেই প্ৰতিজ্ঞা জীৱনৰ শেষ মুহূৰ্তলৈকে পালন কৰিছিল। কিন্তু তেওঁৰ জীৱনে আমাক কেৱল প্ৰতিজ্ঞাত অটল হৈ থকাৰ শিক্ষাই নিদিয়ে, আন এটা গভীৰ প্ৰশ্নও আমাৰ সন্মুখত তুলি ধৰে, অন্যায় দেখি কেৱল নিজৰ প্ৰতিজ্ঞা, আনুগত্য বা কৰ্তব্যৰ দোহাই দি নীৰৱ হৈ থকাটো কিমান সমীচীন? দ্ৰৌপদীৰ অপমানৰ দৰে ঘটনাত ধৰ্ম-অধৰ্মৰ জটিলতাৰ মাজত ভীষ্মৰ অসহায় নীৰৱতাই তেওঁৰ মহান চৰিত্ৰতো এক বেদনাদায়ক ছাঁ পেলাইছিল। ভীষ্মৰ জীৱনে সেয়েহে শিকায়, কৰ্তব্য পালন কৰাটো মহৎ, প্ৰতিজ্ঞা ৰক্ষা কৰাটোও মহৎ, কিন্তু তাৰ ঊৰ্ধ্বত থাকিব লাগে ন্যায় আৰু বিবেক। কাৰণ কেতিয়াবা অন্যায়ৰ সন্মুখত নীৰৱ হৈ থকাটোও অন্যায়ক শক্তিশালী কৰি তোলে।

এদিন গুৰু দ্ৰোণাচাৰ্যই শিষ্যসকলৰ একাগ্ৰতা পৰীক্ষা কৰিবলৈ গছৰ ডালত এটা কৃত্ৰিম চৰাই ৰাখিলে। এজন এজনকৈ সকলোকে ধনু-কাঁড় লৈ...
17/09/2026

এদিন গুৰু দ্ৰোণাচাৰ্যই শিষ্যসকলৰ একাগ্ৰতা পৰীক্ষা কৰিবলৈ গছৰ ডালত এটা কৃত্ৰিম চৰাই ৰাখিলে। এজন এজনকৈ সকলোকে ধনু-কাঁড় লৈ লক্ষ্য স্থিৰ কৰিবলৈ কোৱা হ’ল।

দ্ৰোণাচাৰ্যই সুধিলে,
“তুমি কি দেখিছা?”

কোনোবাই ক’লে, “গছজোপা, ডালবোৰ আৰু চৰাইটো।”
আন কোনোবাই ক’লে, “আকাশখনো দেখিছোঁ।”

শেষত অৰ্জুনৰ পাল পৰিল।

দ্ৰোণাচাৰ্যই সুধিলে,
“অৰ্জুন, তুমি কি দেখিছা?”

অৰ্জুনে লক্ষ্যৰ পৰা চকু নাঁতৰোৱাকৈ উত্তৰ দিলে,
“গুৰুদেৱ, মই কেৱল চৰাইটোৰ চকুটোহে দেখিছোঁ।”

দ্ৰোণাচাৰ্যৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল।

“তেন্তে কাঁড় মাৰা।”

মুহূৰ্ততে অৰ্জুনৰ কাঁড় গৈ ঠিক লক্ষ্যত লাগিল।

জীৱনেও আমাক একেই শিক্ষা দিয়ে, লক্ষ্য যদি স্পষ্ট হয় আৰু মন যদি একাগ্ৰ হয়, তেন্তে চাৰিওফালৰ বাধা-বিঘিনিয়ে আমাক সহজে পথভ্ৰষ্ট কৰিব নোৱাৰে।

17/09/2026

With Diganta Gogoi – I just got recognized as one of their top fans! 🎉

বিশ্বাস গঢ়িবলৈ বহু সময় লাগে, কিন্তু ভাঙিবলৈ মাত্ৰ এটা মুহূৰ্তই যথেষ্ট। এবাৰ বিশ্বাসত ফাট মেলিলে সম্পৰ্কটো হয়তো থাকি য...
17/09/2026

বিশ্বাস গঢ়িবলৈ বহু সময় লাগে, কিন্তু ভাঙিবলৈ মাত্ৰ এটা মুহূৰ্তই যথেষ্ট। এবাৰ বিশ্বাসত ফাট মেলিলে সম্পৰ্কটো হয়তো থাকি যায়, কথাবোৰো আগৰ দৰেই চলি থাকে, আনকি ক্ষমাও কৰি দিব পাৰি, কিন্তু মনৰ কোনোবা এটা কোণত সন্দেহৰ সৰু দাগ এটা ৰৈ যায়। সেইবাবেই কাৰোবাৰ বিশ্বাসক কেতিয়াও সহজভাৱে নল’ব। কাৰণ ভাঙি যোৱা বস্তু জোৰা লগাব পাৰি, কিন্তু হেৰাই যোৱা বিশ্বাস আগৰ ৰূপত ঘূৰাই পোৱাটো বৰ কঠিন।

゚

খণ্ড–১ : বন্ধ দুৱাৰৰ সিপাৰেৰাতি ১১ বাজি ৩ মিনিট!বাহিৰত প্ৰচণ্ড বৰষুণ। পুৰণি বৰুৱা ভৱনৰ টিনৰ চালত বৰষুণৰ টোপালবোৰে অবিৰত ...
16/09/2026

খণ্ড–১ : বন্ধ দুৱাৰৰ সিপাৰে

ৰাতি ১১ বাজি ৩ মিনিট!

বাহিৰত প্ৰচণ্ড বৰষুণ। পুৰণি বৰুৱা ভৱনৰ টিনৰ চালত বৰষুণৰ টোপালবোৰে অবিৰত শব্দ কৰি আছিল। মাজে মাজে বিজুলীৰ চমকনিয়ে অন্ধকাৰ চৌহদটো মুহূৰ্তৰ বাবে পোহৰাই তুলিছিল।

তলৰ বহা কোঠাত অকলে বহি আছিল মাধুৰী বৰুৱা।

হঠাৎ ওপৰৰ মহলাৰ পৰা এটা চিঞৰ ভাহি আহিল—

“আঃ...!”

তাৰ ঠিক পিছতেই—

ধপ্!

কিবা এটা গধুৰ বস্তু মজিয়াত পৰাৰ শব্দ।

মাধুৰী উচপ খাই উঠিল।

“নন্দিতা!”

তেওঁ দৌৰি ওপৰলৈ গ'ল।

নন্দিতাৰ কোঠাৰ দুৱাৰখন বন্ধ।

“নন্দিতা! দুৱাৰ খোল!”

কোনো উত্তৰ নাই।

মাধুৰীয়ে আতংকিত হৈ দুৱাৰত খুন্দিয়াবলৈ ধৰিলে।

“গকুল! গকুল!”

তেওঁৰ চিঞৰ শুনি তলৰ পৰা গকুল দৌৰি আহিল। কিছু সময়ৰ ভিতৰতে ওচৰৰ দুজন চুবুৰীয়াও উপস্থিত হ'ল।

সকলোৱে মিলি দুৱাৰখন ভাঙিলে।

দুৱাৰ খোলাৰ লগে লগে সকলো যেন স্তব্ধ হৈ পৰিল।

মজিয়াত নন্দিতা পৰি আছিল।

মূৰৰ পিছফালে গভীৰ আঘাত।

কাষতে বাগৰি আছিল ব্ৰঞ্জৰ এটা সৰু মূৰ্তি।

খিৰিকী দুখন ভিতৰৰ পৰা বন্ধ।

দুৱাৰৰ খিলিটোও ভিতৰৰ পৰা লগোৱা।

মাধুৰীয়ে ছোৱালীজনীৰ কাষত বহি চিঞৰি উঠিল—

“নন্দিতা!”

কিন্তু নন্দিতাই আৰু মাত নিদিলে।

প্ৰায় আধাঘণ্টাৰ ভিতৰতে আৰক্ষী উপস্থিত হ'ল।

তদন্তৰ দায়িত্ব ল'লে ইন্সপেক্টৰ ঋষভ শইকীয়াই।

কোঠাটোত সোমাই ঋষভে প্ৰথমে একো স্পৰ্শ নকৰিলে। মাথোঁ চাৰিওফালে চাই থাকিল।

দুৱাৰ ভিতৰৰ পৰা বন্ধ।

খিৰিকী বন্ধ।

বাহিৰৰ পৰা জোৰকৈ সোমোৱাৰ কোনো চিহ্ন নাই।

অথচ মানুহ এজনীৰ মৃত্যু হৈছে।

“মৃত ব্যক্তিজনৰ ভাই ক'ত?”

ঋষভে সুধিলে।

মাধুৰীয়ে কঁপি থকা মাতেৰে ক'লে—

“নীল ঘৰত নাই।”

“কেতিয়া ওলাই গৈছিল?”

“দহ বজাৰ পিছত... বায়েকৰ লগত অলপ কাজিয়া হৈছিল। তাৰ পাছতে ওলাই গ'ল।”

ঋষভৰ চকুত ক্ষীণ সজাগতা দেখা দিলে।

“কাজিয়া?”

মাধুৰীয়ে উত্তৰ দিবলৈ লওঁতেই তলত গাড়ীৰ শব্দ শুনা গ'ল।

কিছু মুহূৰ্তৰ পাছত নীল দৌৰি ওপৰলৈ আহিল।

“মা! কি হৈছে?”

কোঠাৰ ভিতৰলৈ চকু পৰাৰ লগে লগে তাৰ মুখৰ ৰং উৰি গ'ল।

“বাইদেউ...!”

সি আগবাঢ়িবলৈ লওঁতেই ঋষভে বাধা দিলে।

“কোঠাত নোসোমাব।”

নীলে থৰ হৈ তেওঁৰ ফালে চালে।

“কি হৈছে মোৰ বাইদেউৰ?”

ঋষভে উত্তৰ নিদিলে।

তাৰ পৰিৱৰ্তে সুধিলে, “আপুনি ক'ত আছিল?”

নীলৰ চকুত এক মুহূৰ্তৰ বাবে অস্বস্তি দেখা গ'ল।

“এনেই... গাড়ী লৈ ওলাই গৈছিলোঁ।”

“কিমান বজাত?”

“মনত নাই। হয়তো চাৰে দহটামানত”

ঋষভে মাথোঁ তাৰ মুখখন লক্ষ্য কৰি থাকিল।

ঠিক তেতিয়াই এজন আৰক্ষীয়ে নন্দিতাৰ ফোনটো লৈ আগবাঢ়ি আহিল।

“ছাৰ, ইয়াত এটা ৰেকৰ্ডিং আছে।”

সময়, ৰাতি ১০:২৮।

ফাইলটো বজোৱা হ'ল।

প্ৰথমে নন্দিতাৰ মাত, “নীল, মোৰ কোঠাৰ পৰা ওলাই যা।”

তাৰ পিছত নীলৰ উত্তেজিত কণ্ঠ, “তই ভাবিছ তই সকলো নিয়ন্ত্ৰণ কৰিবি? এদিন তোৰ এই অহংকাৰ শেষ হ'ব!”

দুৱাৰ জোৰেৰে বন্ধ হোৱাৰ শব্দ।

ৰেকৰ্ডিং শেষ।

কোঠাটো নীৰৱ হৈ পৰিল।

ঋষভে ধীৰে নীলৰ ফালে চালে।

কিছু সময় আগতে যি মানুহজনে নিজৰ বাইদেউক ভাবুকি দিছিল, এতিয়া সেই বাইদেউ মৃত। আৰু কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ।

—আগলৈ...

শেষ ফোনটো.......বৃদ্ধাশ্ৰমৰ বাৰাণ্ডাখনত বহি হৰেন বৰুৱাই প্ৰতিদিনে আবেলি একেটা কামেই কৰিছিল, মোবাইলটো হাতত লৈ পুতেকৰ ফোন ...
16/09/2026

শেষ ফোনটো.......

বৃদ্ধাশ্ৰমৰ বাৰাণ্ডাখনত বহি হৰেন বৰুৱাই প্ৰতিদিনে আবেলি একেটা কামেই কৰিছিল, মোবাইলটো হাতত লৈ পুতেকৰ ফোন অহালৈ অপেক্ষা কৰিছিল।

সেইদিনাও কাষৰ চকীখনত বহা ৰমেন ককাই সুধিলে,
“আজি ফোন আহিলনে?”

হৰেন বৰুৱাই হাঁহি ক’লে,
“নাই অ’... কামৰ মানুহ। সময় ক’ত পাব? দেওবাৰে কৰিব বুলি কৈছে।”

“যোৱা দেওবাৰেও দেখোন সেই একেটা কথাই কৈছিলা।”

হৰেন বৰুৱাই একো নক’লে। মাথোঁ মোবাইলটোৰ পৰ্দাখন এবাৰ জ্বলাই সময়টো চালে।

সন্ধিয়া নামিল। দেওবাৰটোও পাৰ হৈ গ’ল।

ফোন নাহিল।

পিছদিনা পুৱা বৃদ্ধাশ্ৰমৰ পৰিচালকজনে হৰেন বৰুৱাৰ কোঠালৈ গৈ দেখিলে, মানুহজন বিছনাত নিশ্চল হৈ পৰি আছে। বুকুৰ ওপৰত মোবাইলটো।

ঠিক তেতিয়াই ফোনটো বাজি উঠিল।

পৰ্দাত জিলিকি উঠিল,

“বোপা”

পৰিচালকজনে কঁপা হাতেৰে ফোনটো ধৰিলে।

সিফালৰ পৰা ব্যস্ত মাত এটা ভাহি আহিল,

“দেউতা, ছ’ৰি... কালি ফোন কৰিবলৈ পাহৰি গ’লোঁ। এতিয়া মাত্ৰ দুমিনিট সময় আছে। সোনকালে কোৱা, কি কথা আছিল?”

পৰিচালকজনে কিছু সময় একো ক’ব নোৱাৰিলে।

তাৰ পাছত লাহেকৈ ক’লে,

“তেওঁৰ বহুত কথা আছিল... কিন্তু এতিয়া আপোনাৰ দুমিনিটো তেওঁৰ কোনো কামত নাহে।”

সিফালৰ মাতটো নীৰৱ হৈ গ’ল।

কিছুমান ফোন সময়ত নকৰিলে, পাছত যিমানবাৰেই কৰা নহওক কিয়, সিফালৰ পৰা আৰু কেতিয়াও ‘হেল্ল’ বুলি কোৱা মাতটো ঘূৰি নাহে।

Address

Tezpur

Alerts

Be the first to know and let us send you an email when Hileez Creations posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share